বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।
যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷ সৰ্ব্বোপৰি জনে আটাহ পাৰিলে।
তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷ স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল।
কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।
তেওঁ কাঁড় মাৰি শত্রুবোৰক থানবান কৰিলে, আৰু বজ্ৰ বর্ষণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে।
হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল; পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল।
তেতিয়া পৃথিৱী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে; পর্বতৰ ভিত্তিমূলবোৰ জোকাৰণিত কঁপি উঠিল; কিয়নো তেওঁৰ ক্ৰোধত সেইবোৰ কঁপি উঠিল।
তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।
তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্চ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।
তেওঁৰ হাতৰ ৰশ্মি জ্বলি থকা পোহৰৰ দৰে, আৰু তাতেই তেওঁ তেওঁৰ পৰাক্রম ধৰি ৰাখে।
চোৱা, তেতিয়াই মন্দিৰৰ আঁৰ-কাপোৰ ওপৰৰ পৰা মজিয়ালৈকে ফাটি দুছিটা হ’ল৷ ভুমিকম্প হ’ল; শিলবোৰ ফাটিল;
চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।
পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।
এইবোৰ ঘটনা ঘটাৰ পাছত মই আন এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ; তেওঁ অধিক অধিকাৰ পোৱা আৰু তেওঁৰ প্ৰতাপত পৃথিৱী খন দীপ্তিময় হ’ল।
তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।
হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, পৃথিৱী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে।