তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল; মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ।
ডকাইতবোৰৰ তম্বু কুশলে থাকে; যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে, ঈশ্বৰৰ বিৰক্ত জন্মোৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।
ইয়াতে সৰল আচৰণ কৰোঁতাবোৰে আচৰিত মানিব, আৰু অধৰ্মিৰ বিৰুদ্ধে নিৰ্দ্দোষী জঁকি উঠিব।
দুষ্টবোৰ কিয় জীয়াই থাকে? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?
তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত, সিহঁত অতি শান্তিৰে থাকে; আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে।
সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।
তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা।
যিহোৱাৰ আগত শান্ত হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক; কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা;
দুষ্ট লোকক ঈৰ্ষা নকৰিবা, নাইবা তেওঁলোকৰ লগত থাকিবলৈ ইচ্ছা নকৰিবা;
উগ্র ব্যক্তিক ভয় নকৰিবা; বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
মোৰ এই অসাৰ জীৱনকালত মই অনেক বিষয় দেখিলোঁ। কোনো কোনো ধাৰ্মিক লোক নিজৰ ধাৰ্মিকতাৰ মাজত বিনষ্ট হৈ যায়, আৰু কোনো কোনো দুষ্ট লোক নিজৰ দুষ্টতাৰ মাজত অনেক দিন জীয়াই থাকে।
“হে যিহোৱা, তুমি ধাৰ্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?
আমি এতিয়া গৰ্ব্বী লোকসকলক ধন্য বোলোঁ; হয়, দুষ্টাচাৰীসকল প্রতিষ্ঠিত হৈছে আৰু তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিও ৰক্ষা পাইছে।”
অথবা ধৰ্মশাস্ত্ৰৰ বচনে অনৰ্থকৰূপে কয় বুলি আপোনালোকে ভাবিছে নে? যি আত্মা তেওঁ আমাত নিবাস কৰাইছিল, সেই আত্মাই ঈৰ্ষালৈ অতিশয় হাবিয়াহ কৰে নে?