তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব।
ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।
ৰজাৰ নাম চিৰস্থায়ী হ’ব; সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব।
তেওঁৰ সময়ত ধাৰ্মিকজন জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।
মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
দায়ুদৰ সিংহাসন আৰু তেওঁৰ ৰাজ্যৰ ওপৰত শাসন কৰোঁতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। বাহিনীসকলৰ যিহোৱাৰ আগ্রহে ইয়াক সিদ্ধ কৰিব।
আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।
ৰাজ্য আৰু ৰাজশাসন, আৰু গোটেই আকাশ মণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা, যিসকল লোক সৰ্ব্বোপৰি পবিত্র ঈশ্বৰৰ সেই লোকসকলক দিয়া হ’ব; তেওঁৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য, আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব, আৰু তেওঁক মানি চলিব।
মণ্ডলীত আৰু খ্ৰীষ্ট যীচুত যুগে যুগে সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন।
পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”।
তাৰ পাছত চমূৱেলে যিহোৱাৰ ওচৰত নিবেদন কৰিলে, আৰু সেই দিনাই যিহোৱাই মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষালে। এই সকলো দেখি, লোক সকলে যিহোৱালৈ আৰু চমূৱেললৈ অতিশয় ভয় কৰিলে।