মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ’ব, আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব।
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
তাতে মোৰ জিভাই তোমাৰ ধার্মিকতাৰ কথা কব; ওৰে দিন তোমাৰ প্ৰশংসা কৰিব।
লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
এইয়া মোৰ বোধৰ অগম্য হলেও, মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;
মই তোমাৰ ধাৰ্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম; মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাবিলাক পৰাজিত হ’ল আৰু তেওঁলোকে লাজ পাই নিন্দিত হ’ল।
মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে; পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান।