তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক উদ্ধাৰ কৰা; মোলৈ কাণ পাতা আৰু মোক ৰক্ষা কৰা।
হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।
হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
মোৰ ওপৰত তোমাৰ বিচাৰ যেন ন্যায্য হয়; যি সত্য, তাক তোমাৰ দুচকুৱে দেখক।
হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কিয়নো তুমি মোক উত্তৰ দিবা; মোৰ প্রার্থনালৈ কাণ পাতা, মোৰ কথা শুনা।
হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা।
মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা।
যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
হে ঈশ্বৰ, মোৰ বিচাৰ কৰা; ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা; ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা।
হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ যিৰূচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে, যিৰূচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্র হৈছে।
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।