আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক; সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।
তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।”
ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব, যাতে এতিয়া জন্ম নোহোৱা সন্তান সকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।
শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক।
হে আকাশ মণ্ডল, গীত-গান কৰা; হে পৃথিৱী, উল্লাসিত হোৱা; হে পৰ্ব্বতবোৰ, আনন্দ গান কৰিবলৈ ধৰা! কাৰণ যিহোৱাই নিজৰ প্ৰজাসকলক শান্ত্বনা দিব, আৰু তেওঁৰ দুখিত সকলক তেওঁ দয়া কৰিব।
সেয়ে তোমালোক আনন্দেৰে বেবিলনৰ পৰা বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হ’ব; পৰ্ব্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্চ-স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাত তালি দিব।