অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা
কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল।
তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে।
তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে।
তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰবোৰক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে;
কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে; আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।
কিয়নো তেওঁলোকৰ মুক্তিকৰ্ত্তা বলৱান; আৰু তেওঁ তোমাৰ বিৰুদ্ধে তেওঁলোকৰ হৈ প্ৰতিবাদ কৰিব।
প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
সেয়ে নহ’লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলঙ্গ আছিল, তাইৰ অৱস্থা তেনে কৰিম। মই তাইক মৰুভূমিৰ নিচিনা কৰিম; খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম।
তথাপিও মই যাকোবকহে প্ৰেম কৰিলোঁ; কিন্তু এচৌক অগ্রাহ্য কৰিলোঁ। মই তেওঁৰ পৰ্ব্বতবোৰ এক ধ্বংসস্থান কৰিলোঁ আৰু তেওঁৰ উত্তৰাধিকাৰ মৰুভূমিৰ শিয়ালবোৰক দিলোঁ।”
এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিৰ বান্ধবোৰ খোল খাই গ’ল।
কিয়নো লিখা আছে, “হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই; বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা; কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনী জনীৰ সন্তান অধিক হব।”
তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।
তৃপ্ত হোৱাসকলে আহাৰৰ ববে কাম কৰিব লগা হ’ল, ভোকত থকা সকলৰ খাদ্যৰ অভাৱ নহ’ল৷ সন্তানহীনাই সাতোটা সন্তান প্ৰসৱ কৰিলে, অধিক সন্তান থকা জনী নিশকতীয়া হৈ গ’ল৷