Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গীত 68:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে:

অধ্যায়টো চাওক কপি কৰক

12 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।”

আৰু সেইবোৰ দুভাগ কৰি, এভাগ ৰণলৈ যোৱা লোকসকল আৰু এভাগ গোটেই মণ্ডলীৰ মাজত ভাগ কৰি দিয়া;

পাছত মোচি আৰু পুৰোহিত ইলিয়াজৰে সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ পৰা সেই সোণ লৈ, যিহোৱাৰ আগত ইস্ৰায়েলৰ সন্তান সকলৰ স্মৰণাৰ্থক চিন হ’বলৈ, তাক সাক্ষাৎ কৰা তম্বুত ৰাখিলে।

আৰু সেই পাঁচজন ৰজা পলাই গৈ, মক্কেদাৰ গুহাত লুকাই থাকিল।

যিহোচূৱাই এই সকলো ৰজাক আৰু তেওঁলোকৰ দেশবোৰ একে সময়তে দখল কৰি ল’লে, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।

তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোক সকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে৷

ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।

তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি? - প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; চীচৰাৰ কাৰণে খমখমীয়া ৰঙীণ পোছাক, ফুল কৰা ৰঙীণ পোছাক, মোৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক-

কোনে নো এই বিষয়ে তোমালোকৰ কথা শুনিব? কিয়নো যুদ্ধলৈ যোৱা লোকে যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকেও তেনে ভাগ পাব; দুয়ো সমান ভাগ পাব।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন