মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম; আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম।
তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব; তাতে তেওঁ তোমাৰ সঙ্কল্প সিদ্ধ কৰিব।
তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।
মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।
মোলৈ ধাৰ্মিকতাৰ দুৱাৰবোৰ মুকলি কৰি দিয়া, যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰোঁ।
যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে; তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা।
মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে; তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম।
হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে; তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম।
হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
ঈশ্বৰৰ আগত সংকল্প কৰিলে, তাক সিদ্ধ কৰিবলৈ পলম নকৰিবা; কিয়নো তেওঁ অজ্ঞানসকলত সন্তোষ নাপায়। তুমি যি সংকল্প কৰা, তাক সিদ্ধ কৰা।
কিন্তু মই হ’লে স্তুতি-ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; মই কৰা সংকল্প সিদ্ধ কৰিম; পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!”
চোৱা, যি জনে শুভবাৰ্ত্তা আনে আৰু শান্তি প্ৰচাৰ কৰে, সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত আছে! হে যিহূদা, তোমালোকৰ পৰ্ব্ববোৰ পালন কৰা আৰু তোমালোকৰ প্ৰতিজ্ঞাবোৰ সিদ্ধ কৰা, কিয়নো দুষ্ট লোকজনে তোমালোকক আক্রমণ নকৰিব; সি নিঃশেষে বিনষ্ট হ’ল।
কিন্তু সঙ্কল্প নকৰিলে, তাত কোনো পাপ নহ’ব।
আপোনালোকৰ মুখৰ পৰা যি সঙ্কল্পৰ কথা ক’ব, তাক আপোনালোকে পূৰণ কৰিবই লাগিব, কাৰণ আপোনালোকে স্ব-ইচ্ছাৰে নিজ মুখেৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত সেই প্ৰতিজ্ঞা কৰিছে।
আনৰ দ্ৰাক্ষাবাৰীলৈ গৈ আপোনালোকে ইচ্ছামতে হেঁপাহ পলুৱাই আঙুৰ খাব পাৰিব, কিন্তু লৈ যোৱাৰ বাবে আপোনালোকৰ পাত্ৰত অলপো নল’ব।
এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।
যিপ্তহে নিজৰ জীয়েকক দেখা পোৱা মাত্ৰে নিজৰ কাপোৰ ফালি ক’লে, “হায়, মোৰ মাজনী! তুমি মোলৈ এয়া কি সর্বনাশ কৰিলা! তুমি যে মোক অতিশয় বেজাৰ দিলা! কিয়নো মই যিহোৱাৰ উদ্দেশ্যে যি শপত খালো, মই তাৰ পৰা ঘূৰিব নোৱাৰোঁ।”