Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গীত 52:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। [চেলা]।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে; তেওঁলোকে মিছা কথাত সন্তোষ পায়; মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। [চেলা]

দুষ্ট লোকৰ আত্মাই পাপ আকাংক্ষা কৰে, আৰু তেওঁৰ পৰা তেওঁৰ চুবুৰীয়া কৃপা দৃষ্টি নাপায়।

যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।

তেওঁলোকৰ জিভা প্ৰাণনাশক বাণস্বৰূপ, সেয়ে ছলৰ কথা কয়; তেওঁলোক প্ৰতিজনে মুখেৰে ওচৰ-চুবুৰীয়াৰ লগত শান্তিৰ কথা কয়, কিন্তু অন্তৰত তাৰ বাবে খাপ দি থাকে।

তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে, আৰু পাপক ভাল পায়, তেওঁলোকৰ তোমালোকে ছাল বখলিয়াবা, আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা,

চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।

তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন।

বিশ্বাসঘাতক, আঁকোৰগোজ, মদগৰ্বী, ঈশ্বৰ প্ৰেম কৰাতকৈ বৰং সুখ প্ৰিয় হব৷

কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন