Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গীত 46:6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

জাতিবোৰে হৈ চৈ কৰিছে; আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে; তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিৱী দ্রৱীভূত হ’ল।

অধ্যায়টো চাওক কপি কৰক

34 পৰস্পৰ সংযোগসমূহ  

মই নিজৰ কাৰণে আৰু মোৰ দাস দায়ুদৰ কাৰণে, মই এই নগৰক প্রতিহত কৰি উদ্ধাৰ কৰিম’।”

তাৰ পাছত মোৱাবৰ সন্তান সকল, অম্মোনীয়াৰ সন্তান সকল আৰু তেওঁলোকৰ লগত কিছুমান মায়োনীয়া লোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল৷

যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।

যিহোৱাই নিজেও আকাশত গৰ্জ্জন কৰিলে; সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল।

তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।

তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।

পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত।

জাক পাতি উৰি ফুৰা চৰাইৰ দৰে বাহিনীসকলৰ যিহোৱাই যিৰূচালেমক ৰক্ষা কৰিব, তেওঁ ৰক্ষা কৰিব আৰু ইয়াক অতিক্রম কৰি যাওঁতে উদ্ধাৰ কৰিব আৰু সংৰক্ষন কৰিব।

আমাৰ উৎসৱ নগৰ চিয়োনলৈ তুমি দৃষ্টি কৰা; যাৰ খুটি কেতিয়াও উঘালিব নোৱাৰি, যাৰ ৰছী কেতিয়াও নিছিগে, স্থানান্তৰ কৰিব নোৱাৰা এনে তম্বুস্বৰূপ শান্ত বাসস্থান যিৰূচালেমক তোমাৰ নিজৰ চকুৰে দেখিবা।

এই হেতুকে তুমি তেওঁলোকৰ বিৰুদ্ধে এই সকলো ভাববাণী প্ৰচাৰ কৰা, আৰু তেওঁলোকক কোৱা, ‘যিহোৱাই উচ্চস্থানৰ পৰা গৰ্জ্জন কৰিব, আৰু তেওঁ নিজৰ পবিত্ৰ নিবাসৰ পৰা উচ্চ-ধ্বনি শুনাব, তেওঁৰ মেৰ-ছাগ চৰোৱা ঠাইৰ বিৰুদ্ধে বৰকৈ গৰ্জ্জিব, আৰু পৃথিৱী-নিবাসী সকলোৰে বিৰুদ্ধে দ্ৰাক্ষাগুটি গচকোঁতাসকলৰ দৰেই উচ্চ-ধ্বনি কৰিব।

চাৰিওফালে ওঠৰ হাজাৰ হাত হ’ব; আৰু সেই দিনৰ পৰা নগৰখন “যিহোৱা চাম্মা”, এই নামেৰে প্ৰখ্যাত হ’ব।

যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে, কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক; কাৰণ তেওঁৰ আজ্ঞা পালন কৰোঁতাসকল বলৱান। কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক। কোনে তাক সহন কৰিব পাৰে?

আমোচে ক’লে, “যিহোৱাই চিয়োনৰ পৰা গৰ্জন কৰিছে, আৰু যিৰূচালেমৰ পৰা উচ্চস্বৰে কথা কৈছে। মেৰ-ছাগ ৰখীয়াবোৰৰ চৰণীয়া ঠাইবোৰৰ শোক হ’ব আৰু কৰ্মিল পর্বতৰ চূড়া শুকাই গৈছে।”

যিহোৱাই পুনৰ কৈছে, “চোৱা, সেই দিনবোৰ নিশ্চয়ে আহিব, যেতিয়া হালোৱাই শস্য দোৱাজনক অতিক্রম কৰি আগবাঢ়িব; দ্রাক্ষাগুটি গচকাজনে গুটি বোৱাজনক লগ ধৰি অতিক্রম কৰি যাব; পৰ্ব্বতবোৰৰ পৰা মিঠা দ্ৰাক্ষাৰস জৰি জৰি পৰিব, আৰু সেইবোৰে সকলো উপ-পৰ্ব্বতবোৰক ধুই লৈ যাব।

বাহিনীসকলৰ প্রভু যিহোৱাই দেশখনক চুলে, দেশ পমি যায়; তাত বাস কৰা সকলোৱে শোক কৰে। তেওঁৰ স্পর্শত গোটেই দেশ মিচৰৰ নীল নদীৰ দৰে বন্যাত ওফন্দি উঠে, তাৰ পাছত পুণৰায় নামি যায়।

জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব, এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।

তেওঁৰ ভয়ত পৰ্ব্বতবোৰ কঁপে আৰু গিৰিবোৰ দ্রৱীভূত হয়; তেওঁৰ আগত পৃথিৱী, এনে কি, জগতখন আৰু তাৰ সকলো নিবাসী ভাগি পৰে।

আপোনালোকে তেওঁলোকক ভয় নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা যিজন মহান আৰু ভয়ঙ্কৰ ঈশ্বৰ তেওঁ আপোনালোকৰ মাজত আছে।

এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷

আৰু তেওঁলোকে যিহোচূৱাক ক’লে, “সঁচাকৈ ঈশ্বৰ যিহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে; আমাৰ কাৰণে দেশ-নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।”

আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷

তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন