আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।
বিশেষকৈ কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ কাৰণে লোহাৰ শিং এজোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে: ‘ইয়াৰ দ্বাৰাই তুমি অৰামীয়াসকলক সম্পূৰ্ণৰূপে সংহাৰ নকৰালৈকে তেওঁলোকক ইয়াৰে খুচি থাকিবা’।”
ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম; কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।
হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা; ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন উৎসৰ্গ কৰি বাট চাই থাকো।
ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ হ’ম; কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।
তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা।
কিয়নো যিহোৱা আমাৰ বিচাৰকৰ্ত্তা, আমাৰ ব্যৱস্থাপক, আৰু আমাৰ ৰজা; তেৱেঁই আমাক পৰিত্ৰাণ কৰিব।
মই দেখিলোঁ সেই মেৰ-ছাগে পশ্চিম, উত্তৰ, আৰু দক্ষিণ ফাললৈ খুন্দিয়াই আছিল; তাৰ আগত আন কোনো জন্তু থিয় হ’ব নোৱাৰিলে। তাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা তেওঁলোকৰ মাজত কোনো নাছিল; তাৰ যি ইচ্ছা গৈছিল তাকে কৰি অাছিল, আৰু সি পৰাক্রমী হৈ উঠিছিল।
তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব।
আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাঁড়, তেওঁৰ শিং দুটা বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে; তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ধ কৰিব, এনেকি পৃথিবীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব; এইদৰেই ইফ্ৰয়িমৰ অযুত অযুত আৰু মনচিৰ হাজাৰ হাজাৰ লোক হ’ব।
মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।