মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা; বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা।
মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰোঁ; কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়।
প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।
তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব।
হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ; তোমাৰ নামৰ গুণেৰেই মোৰ অপৰাধ ক্ষমা কৰা।
মোৰ দুখ আৰু সঙ্কটলৈ দৃষ্টি কৰা, মোৰ সকলো পাপ ক্ষমা কৰা।
মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছোঁ।”
ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।
হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, ৰক্তপাতৰ দোষৰ পৰা তুমি মোক উদ্ধাৰ কৰা; তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চস্বৰে গাব।
মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা]। ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।
আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।
চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ; আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ।
যিহোৱাৰ পুৰোহিত, পৰিচাৰকসকল, যজ্ঞ-বেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত ক্ৰন্দন কৰক। তেওঁলোকক ক’বলৈ দিয়া, “হে যিহোৱা, তোমাৰ লোকসকলক দয়া কৰা, আৰু তোমাৰ আধিপত্যক ধিক্কাৰৰ বিষয় হ’বলৈ নিদিবা, যাতে তেওঁলোকৰ ওপৰত জাতি সমূহে শাসন কৰিব। কিয় তেওঁলোকে জাতি সমূহৰ মাজত ক’ব, কত তেওঁলোকৰ ঈশ্বৰ?”
যিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক ক’লে: “চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠিয়াম। তোমালোক তাৰেই তৃপ্ত হবা, মই পুনৰ জাতি সমূহৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় নকৰিম।
আপুনি পুনৰ আমাক দয়া কৰিব, আমাৰ অপৰাধবোৰ আপোনাৰ ভৰিৰে গচকিব; আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব।
তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।”
আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উদ্যোগী হওঁ।