Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গীত 37:8

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ক্ৰোধ এৰা, কোপ ত্যাগ কৰা; বেজাৰ নকৰিবা, কেৱল হানিহে হয়।

অধ্যায়টো চাওক কপি কৰক

18 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ফৰৌণে তেওঁক ক’লে, “মোৰ পৰা তোমাৰ কিহৰ অভাৱ হৈছে যে তুমি নিজৰ দেশলৈ যাবলৈ ইচ্ছা কৰিছা?” হদদে ক’লে, “একোৰো অভাৱ হোৱা নাই, মোক কেৱল যাবলৈ দিয়ক।”

ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব?

কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।

মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।”

মই আতঙ্কিত হৈ যদিও কৈছিলোঁ, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”; তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা।

যদি মই এনেকুৱা কথাবোৰ কলোহেঁতেন, তেন্তে সেয়া কোনোমতে তোমাৰ সন্তানৰ কথা নহলহেঁতেন।

ধৈৰ্যশীল লোকৰ বিবেচনা শক্তি অধিক; কিন্তু বেগাই খং উঠা লোকে নিজৰ মুৰ্খতা প্রকাশ কৰে।

ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ।

সেয়ে যোনা অতিশয় অসন্তুষ্ট হ’ল আৰু ক্রোধিত হৈ পৰিল।

কিন্তু ঈশ্বৰে যোনাক ক’লে, “এৰা গছজোপাৰ কাৰণে খং কৰি তুমি ভাল কৰিছা নে?” যোনাই ক’লে, “হয়, মই খং কৰি ভালেই কৰিছোঁ, এনেকি মৃত্যু পর্যন্ত কৰিম।”

ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক;

সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক।

কিন্তু এতিয়া ক্ৰোধ, খং, কু-অভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন, এইবোৰ দূৰ কৰক৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন