তোমাৰ সাহায্যত তেওঁৰ গৰিমা মহান হয়; তুমি তেওঁৰ ওপৰত মৰ্য্যাদা আৰু প্ৰতাপ ৰাখিছা;
তথাপি হে প্ৰভু যিহোৱা, তোমাৰ দৃষ্টিত ই অতি সৰু বিষয় আছিল৷ তুমি নিজ দাসৰ বংশৰ বিষয়েও সুদীৰ্ঘ কালৰ কথা ক’লা, হে প্ৰভু যিহোৱা, ইয়াক তুমি মানুহৰ বিধিৰ দৰে কৰিলা।
তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”
এতিয়া আপুনি অনুগ্ৰহ কৰি আপোনাৰ দাসৰ বংশক আশীৰ্ব্বাদ কৰক। যাতে আপোনাৰ দাসৰ বংশ যেন আপোনাৰ আগত চিৰকাল থাকে। হে যিহোৱা, আপুনিয়েই আশীৰ্ব্বাদ কৰিলে, আৰু সেয়ে চিৰকাললৈকে আশীৰ্ব্বাদযুক্ত হৈ থাকিব।
যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা, যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল; কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে, অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।
কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা; তুমিয়েই মোৰ গৌৰৱ; তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।
তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব; তেওঁৰ ৰক্ষাৰ অৰ্থে দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।
ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।
কিয়নো তুমি তেওঁলোকক তোমাতকৈ অলপহে সৰু কৰি স্রজন কৰিলা, গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা।
মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে; পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান।
ইদোমৰ পৰা, বস্ৰাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।
যীচুৱে এইবোৰ কথা কোৱাৰ পাছত, স্বৰ্গলৈ চকু তুলি ক’লে, “হে পিতৃ, এতিয়া সময় হৈছে; তোমাৰ পুত্ৰক মহিমান্বিত কৰা, যাতে তোমাৰ পুত্ৰয়ো তোমাক মহিমান্বিত কৰিব পাৰে;
আৰু তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁলোকক দিলোঁ, সেই কাৰণে তেওঁলোক এক; আমি সকলোৱেই যেন এক হব পাৰোঁ,
এতিয়া, হে পিতৃ, তোমাৰ সান্নিধ্যৰে মোক মহিমান্বিত কৰা৷ জগত সৃষ্টিৰ পূর্বে তোমাৰ সৈতে মোৰ যি মহিমা আছিল, সেই মহিমাৰে, এতিয়া মোক মহিমান্বিত কৰা।
এতিয়া আমি যি বিষয়ে কবলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷
তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷