তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে; তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল।
যি জনে আপোনাক ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহুৱাবলৈ আপোনাত সন্তোষ পালে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য৷ কিয়নো যিহোৱাই ইস্ৰায়েলক সদাকাললৈকে প্ৰেম কৰে, সেই কাৰণে তেওঁ বিচাৰ আৰু ধৰ্ম প্ৰচলিত কৰিবলৈ আপোনাক ৰাজপদত নিযুক্ত কৰিলে।”
তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে; আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব;
মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ; যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে।
তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা; তাতে মোৰ ভৰি পিছলি নগল।
তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা; বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।
যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; তেওঁ তেওঁৰ পথত সন্তোষ পায়।
তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।