যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।
ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়, যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ।
হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ, আৰু তোমাৰ ব্যৱস্থা মানি চলোঁ।
তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰ যেতিয়া মই শিকোঁ, তেতিয়া মই শুদ্ধ মনেৰে তোমাৰ ধন্যবাদ কৰিম।
যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা; ৰাতি মোৰ কাষলৈ আহাঁ; যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা; মই সিদ্ধান্ত কৰিলোঁ, মোৰ মুখে অপৰাধ নকৰে।
হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া, ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো!
যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়; মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।
মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।
যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ; আৰু মোৰ অন্তৰত আঘাত লাগিছিল,
তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা, পৰবর্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।
সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো। মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল।
ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে;
মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্রজ্ঞা আছে; সুক্ষ্মদৃষ্টি আৰু পৰাক্ৰম মোৰেই।
ৰাতি মোৰ প্ৰাণে সৈতে মই আপোনালৈ হাবিয়াহ কৰিলোঁ; এনে কি, মোৰ আত্মাৰে সৈতে যত্নেৰে আপোনাক বিচাৰিম; কিয়নো পৃথিৱীত আপোনাৰ বিচাৰ অহাৰ সময়ত পৃথিৱীৰ নিবাসীসকলে ধাৰ্মিকতা শিকে।
তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে তোমাক কৃতকার্য হবলৈ শিকাই, তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে।
মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ, সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।
তুমি তেওঁলোকক ৰোপন কৰিলা, এনে কি, তেওঁলোক শিপালে। তেওঁলোক বাঢ়িছে, এনে কি, ফলো ধৰিছে; তুমি তেওঁলোকৰ মুখৰ বাক্যত ওচৰ, কিন্তু তেওঁলোকৰ হৃদয়ৰ পৰা দূৰ।
মই যিহোৱা, মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁতা। প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ।
সেই সময়তে যীচুৱে এবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গ’ল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল।
মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।