Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গীত 12:5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”

অধ্যায়টো চাওক কপি কৰক

27 পৰস্পৰ সংযোগসমূহ  

কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা, আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে।

তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা; আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।

হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা; নির্যাতিত সকলক পাহৰি নাযাবা।

এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব; তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।

সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।

অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।

এই দুখীয়ে প্ৰাৰ্থনা কৰাত যিহোৱাই শুনিলে, সকলো সঙ্কটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে।

তেওঁলোকে মহা বিদ্ৰূপেৰে দুষ্টতাৰ কথা কয়; তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে।

ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”

যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে; কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।

জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।

পুনৰ মই সূৰ্যৰ তলত যি সকলো উপদ্রৱ হয়, সেইবোৰলৈ এবাৰ চালোঁ। চোৱা, উপদ্রৱ পোৱা লোকসকলে কান্দিছে, কিন্তু তেওঁলোকক শান্তনা দিওঁতা কোনো নাই; যিসকলে উপদ্রৱ কৰে, তেওঁলোকৰ হাতত ক্ষমতা আছে; কিন্তু উপদ্রৱ পোৱাসকলক শান্তনা দিওঁতা কোনো নাই।

তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায় বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।

সেয়ে মিচৰ দেশত বাহিনীসকলৰ যিহোৱাৰ অৰ্থে এটা চিন আৰু সাক্ষীস্বৰূপ হ’ব। যেতিয়া তেওঁলোকে উপদ্ৰৱকাৰী সকলৰ বাবে যিহোৱাৰ আগত কাতৰোক্তি কৰিব; তেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁ এজন ত্রানকৰ্ত্তা আৰু উদ্ধাৰকৰ্ত্তা পঠাব, আৰু তেওঁ তেওঁলোকক মুক্ত কৰিব।

যিহোৱাই কৈছে, “এতিয়াই মই উঠিম, এতিয়াই মই উন্নত হ’ম, এতিয়াই মই উন্নীত হ’ম।

তেওঁৰ পিতৃৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাত, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাত আৰু নিজ লোকসকলৰ মাজত, যি ভাল নহয়, সেইবোৰ কৰাৰ বাবে - চোৱা, তেওঁ নিজ অপৰাধৰ বাবে মৰিব।

তেওঁলোকে ঘূৰিছে, কিন্তু সৰ্ব্বোপৰি ঈশ্বৰ মোলৈ ঘূৰা নাই; তেওঁলোক এক ত্রুটিপূর্ণ ধনুৰ নিচিনা হ’ল; তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূর্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ’ব। এইদৰে ইস্রায়েলীয়াসকল মিচৰ দেশত হাঁহিয়াতৰ পাত্র হ’ব।

চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।

তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন