তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী, মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ;
মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম, আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম।
মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক; কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ।
তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।
তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে, মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই।
হে সন্তান সকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।
ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে, তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।
সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা; আৰু তোমাৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব পাৰিব।
মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ ওপৰত উঠি ঘোষণা কৰিবা।
সৰ্পৰ বংশধৰ সকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।
আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে।
আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।