এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।
সি মানুহৰ আগত গীত গাই কব, “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ; সেই বাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।
তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা; কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ।
মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক; কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ।
যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্রতি মই দৃষ্টি ৰাখি চলিম, তেতিয়া মই লজ্জিত নহ’ম।
তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে, মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই।
ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
এই কাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায়পৰায়ণ আৰু উত্তম।
কিয়নো বিধান যে আত্মিক, সেই বিষয়ে আমি জানো, কিন্তু মই হ’লে মাংসিক৷ মই পাপৰ অধীনলৈ বিক্ৰীত হ’লো।
কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেনেহলে বিধান যে উত্তম, ইয়াক স্বীকাৰ কৰোঁ।
কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ;
মই আজি আপোনালোকৰ আগত যি সকলো বিধান শিকাইছোঁ, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে?