Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গীত 108:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

হে যিহোৱা, জাতি সমূহৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা; হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা।

ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম; সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম।

পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব।

বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা। জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।”

হে চিয়োন-কন্যা, গান গোৱা! হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা!

সেই সময়ত মই তোমালোকক একেলগ কৰি লৈ আনিম; সেই সময়ত মই তোমালোকক একত্রিত কৰিম; কিয়নো, মই যেতিয়া তোমালোকৰ ভৱিষ্যত পুনৰ গঠণ কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসা দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন