Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গীত 10:15

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা; তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

আৰু দুষ্টবোৰৰ পৰা পোহৰ আতৰোৱা হয়, আৰু সিহঁতৰ উৰ্ধবাহু ভগ্ন হয়।

হে যিহোৱা উঠি আহাঁ! হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা; তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা; দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।

কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব। কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব।

হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা; তুমি দুষ্টৰ দুষ্টতা শেষ কৰা, কিন্তু ধাৰ্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা।

তোমাৰ বস্ত্ৰৰ আঁচলতে নিৰ্দ্দোষী দৰিদ্ৰ প্ৰাণীবোৰৰ তেজ পোৱা গৈছে; মই বৰকৈ বিচাৰি বিচাৰি যে তাক পালোঁ, এনে নহয়, কিন্তু সেই সকলোৰে ওপৰত তাক পালোঁ।

এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম আৰু সকলো মহিলাক তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য কৰিবলৈ নিশিকিব।

সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।

হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন