কিয়নো লিখা আছে যে, অব্ৰাহামৰ দুজন পুত্ৰ আছিল; বেটীৰ গৰ্ভত ওপজা এজন, স্বাধীন জনীৰ গৰ্ভত ওপজা এজন।
পাছত হাগাৰে অব্ৰামলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু অব্ৰামে হাগাৰৰ পৰা জন্মা সেই পুত্ৰৰ নাম ইশ্মায়েল হ’ল।
তাকে দেখি চাৰাই অব্ৰাহামক ক’লে, “তুমি এই মিচৰীয়া দাসী আৰু তাইৰ পুতেকক খেদি দিয়া! মই নিবিচাৰোঁ যে আমাৰ ইচহাকৰ সৈতে সেই দাসীৰ পুত্র উত্তৰাধিকাৰৰ ভাগী হওঁক।”
কিন্তু বেটীৰ যি জন, সি মাংস অনুসাৰে জন্মিছিল; কিন্তু স্বাধীন জনীৰ যি জন, সেই জন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল।
কিন্তু শাস্ত্ৰই কি কয়? ‘বেটী আৰু তাইৰ পুতেকক খেদি দিয়া; কিয়নো স্বাধীন জনীৰ পুতেকৰ সৈতে, বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব’।
এতেকে হে ভাই সকল, আমি বেটীৰ সন্তান নহওঁ; সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ।