Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গালাতীয়া 4:2

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু পিতৃৰ নিৰূপিত সময়লৈকে তেওঁ ন্যায় ৰক্ষক আৰু তত্ৱাৱধায়ক সকলৰ অধীনত থাকে।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

নিৰূপিত সময়ত তেওঁ ঘূৰি আহিব আৰু দক্ষিণ দেশ পুনৰ আক্ৰমণ কৰিব। কিন্তু আগতে যেনেদৰে হৈছিল, তেতিয়া সেইদৰে নহ’ব।

কাৰণ এই দৰ্শন যদিও ভবিষ্যত সময়ৰ বাবে তথাপিও শেষত এই দৰ্শন প্রকাশ পাব আৰু বিফল নহ’ব। যদিও পলম হয়, তাৰ বাবে অপেক্ষা কৰা; কাৰণ সেয়া নিশ্চয় সিদ্ধ হ’ব, আৰু পলম নহব।

তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেনেহ’লে যি ইচ্ছা কৰা, তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হব।

কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃ স্বৰূপ হ’লো।

এইদৰে খ্রীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হ’ল যাতে বিশ্বাসৰ দ্বাৰাই আমি ধাৰ্মিক বুলি গণিত হ’ব পাৰোঁ।

কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশুহৈ থকালৈকে, সৰ্ব্বস্বৰ গৰাকী হ’লেও তাতে তেওঁ আৰু দাসৰ মাজত একো প্ৰভেদ নাথাকে;

এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলোঁ, আমিও তেনেকৈ জগতৰ মৌলিক বিধিৰ অধীনত দাস আছিলোঁ;




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন