Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গননা 9:18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱা আজ্ঞা অনুসাৰেই ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে আৰু তেওঁৰ আজ্ঞাৰ দৰেই ছাউনি পাতি থাকে; সেই মেঘ যেতিয়ালৈকে আবাসৰ ওপৰত থাকে, তেতিয়ালৈকে তেওঁলোক ছাউনিত থাকে।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজে যিহোৱাৰ নিৰ্দেশ অনুসাৰে চীন মৰুভূমিৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ৰফীদীমত তম্বু তৰিলে; কিন্তু সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।

মোচিৰ যোগেদি যিহোৱাই আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে এই প্ৰথম বাৰ যাত্ৰা কৰিলে।

এইদৰে সদায় আছিল। মেঘে তাক ঢাকিছিল আৰু ৰাতি জুইৰ নিচিনা দেখা গৈছিল।

আৰু সেই মেঘে যেতিয়া আবাসৰ ওপৰত বহুদিন ধৰি থাকে, তেতিয়া ইস্ৰায়েলৰ সন্তান সকলেও যাত্ৰা নকৰি, যিহোৱাৰ উদ্দেশ্যে যি কৰিব লগীয়া, তাকে কৰে।

আৰু সেই মেঘ কোনো কোনো সময়ত আবাসৰ ওপৰত অলপ দিন থাকে। তেনে স্থলত যিহোৱাৰ আজ্ঞা মতে তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞামতে যাত্ৰাও কৰে।

হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ তলত আছিল, আৰু সকলোৱেই সাগৰৰ মাজেদি পাৰ হৈছিল৷

আৰু প্ৰেম এইটোৱে হয়, য’ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলোঁ৷ এই আজ্ঞা আপোনালোকে আৰম্ভণিৰে পৰা শুনি আহিছে, সেয়েহে ইয়াতে আপোনালোকে চলক।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন