Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গননা 5:7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া সেই পুৰুষ বা স্ত্ৰীয়ে নিজে কৰা সেই পাপ স্বীকাৰ কৰিব লাগিব, আৰু যি দোষ কৰিছিল সেই পাপৰ মূল্য সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ কৰিব লাগিব; আৰু পাঁচ ভাগৰ এভাগ বেচিকৈ দিব লাগিব। তেওঁ যাৰ অহিতে দোষ কৰিলে, সেই জন লোকক দিব লাগিব।

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ; মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)

যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।

কিন্তু যদি তেওঁলোকে আৰু তেওঁলোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্যলঙ্ঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্বীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত,

মইও তেওঁলোকৰ বিপৰীত আচৰণ কৰি তেওঁলোকক শত্ৰুবোৰৰ দেশলৈ অনাকো স্বীকাৰ কৰে, বিশেষকৈ যদি তেওঁলোকে নিজৰ অচুন্নৎ মন নম্ৰ কৰে, আৰু নিজৰ পাপৰ দণ্ড যোগ্য যেন মানে,

“যদি কোনোৱে যিহোৱাৰ পবিত্ৰ বস্তুৰ কোনো এটা বস্তু ৰাখি, আজ্ঞা লংঘন কৰি নজনাকৈ পাপ কৰে, তেন্তে তেওঁ জাকৰ পৰা, পবিত্ৰ-স্থানৰ চেকল অনুসাৰে যিহোৱাই নিৰূপণ কৰাৰ দৰে, অতি কমেও দুই চেকল দামৰ এটা নিৰ্ঘূণী মতা মেৰ দোষাৰ্থক বলি স্বৰূপে যিহোৱাৰ উদ্দেশ্যে আনিব লাগিব।

তেওঁ যি যি পবিত্ৰ বস্তু ৰাখি তেওঁ পাপ কৰিলে, যিহোৱাক সন্তুষ্ট কৰিবলৈ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচভাগৰ এভাগ পুৰোহিতক বেছিকৈ দিব লাগিব; পাছত পুৰোহিতে সেই দোষাৰ্থক মেৰটো বলি দিয়াৰ দ্বাৰাই তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব।

আৰু সেই বিষয়বোৰৰ কোনো বিষয়ত যেতিয়া কোনোজন দোষী হয়, তেতিয়া তেওঁ নিজ পাপ অৱশ্যে স্বীকাৰ কৰিব লাগিব।

পাপাৰ্থক বলি যেনে, দোষাৰ্থক বলিও তেনে। আৰু দুয়োৰো নিয়ম-নীতি একে। যি পুৰোহিতে তাৰ দ্বাৰাই প্ৰায়শ্চিত্ত কৰিব সেয়ে তেওঁৰ হ’ব।

আৰু যাক দোষৰ বাবে ক্ষতিপূৰণ কৰিব লগীয়া, সেই জন লোকৰ যদি এনে কোনো ওচৰ সম্বন্ধীয়া লোক নাথাকে, তেন্তে যি প্ৰায়শ্চিত্তৰ মতা মেৰটোৰ দ্বাৰাই তাক প্ৰায়শ্চিত্ত কৰা হ’ব, তেওঁৰ সেই দোষৰ বাবে যিহোৱাৰ উদ্দেশ্যে কৰিব লগা ক্ষতিপূৰণ পুৰোহিতে পাব।

তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেনেহলে তাৰ চাৰি গুণ ওভোতাই দিওঁ।”

তেতিয়া যিহোচূৱাই আখানক ক’লে, “বোপা, তুমি সর্বসশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সন্মূখত সত্য কথা কোৱা আৰু তেওঁৰ প্ৰশংসা কৰা৷ বিনয় কৰোঁ, তুমি যি কৰিলা, সেই বিষয়ে মোক কোৱা; মোৰ পৰা সেই বিষয় নুলুকুৱাবা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন