আৰু পুৰোহিতে মাটিৰ পাত্ৰত পবিত্ৰ জল ৰাখি, আবাসৰ মজিয়াৰ কিছু ধূলি লৈ, সেই জলত দিব।
পাছত তেওঁলোকে দূৰৈৰ পৰা চকু তুলি চাই, তেওঁক দেখি চিনিব নোৱাৰিলে। তেতিয়া তেওঁলোকে বৰকৈ চিঞঁৰি কান্দিবলৈ ধৰিলে, আৰু নিজ নিজ চোলা ফালি, মূৰৰ ওপৰলৈ বুলি শূন্যত ধুলি ছটিয়ালে;
“প্রক্ষালনৰ বাবে তুমি পিতলৰ এটা প্ৰক্ষালন-পাত্ৰ গঢ়াবা, আৰু তাত পিতলৰ খুৰা লগাবা। তুমি সেই প্রক্ষালন পাত্র সাক্ষাৎ কৰা তম্বু আৰু হোম বেদীৰ মাজত থবা; আৰু তুমি ইয়াৰ ভিতৰত পানী ভৰাই ৰাখিবা।
যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব। কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে।
সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হ’ব পাৰে।
তেতিয়া পুৰোহিতে সেই মহিলাক আনি যিহোৱাৰ আগত উপস্থিত কৰিব।
পুৰোহিতে সেই মহিলা গৰাকীক যিহোৱাৰ আগত উপস্থিত কৰিব আৰু তাইৰ মূৰৰ চুলি মুকলি কৰিব। আৰু সেই স্মৰণাৰ্থক নৈবেদ্য, অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য তাইৰ হাতত থ’ব, আৰু শাও জন্মাওতা সেই তিতা পানী পুৰোহিতে নিজৰ হাতত ল’ব।
এই কথা তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে।
পাছত তেওঁ পুণৰ বাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে।