Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গননা 35:27

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকে আশ্ৰয় নগৰৰ সীমাৰ বাহিৰে তাক পাই যদি বধ কৰে, তেন্তে সি ৰক্তপাতৰ দোষী নহ’ব।

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

চোৰে সিন্ধি দিওঁতে যদি ধৰা পৰে, আৰু তেওঁক প্ৰহাৰ কৰোঁতে যদি তেওঁ মৰে, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত কোনো লোকক হত্যাকাৰী বুলি গণিত কৰা নহ’ব।

কিন্তু এই মানুহ বধী যদি কোনো সময়ত পলাই যোৱা আশ্ৰয় নগৰৰ সীমাৰ বাহিৰ হয়,

কিয়নো প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সি নিজৰ আশ্ৰয় নগৰত থাকিব লাগিছিল; কিন্তু প্ৰধান পুৰোহিতৰ মৃত্যুৰ পাছত সেই মানুহ বধী নিজ আধিপত্যৰ দেশলৈ উলটি যাব পাৰিব।

আপোনালোকে এইদৰে কার্য কৰিব, যাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে আপোনালোকক যি দেশ দিব সেই দেশৰ মাজত নিৰ্দ্দোষীলোকৰ ৰক্তপাত নহ’ব আৰু নির্দোষী লোকৰ ৰক্তপাতৰ দোষত আপোনালোকো দোষী নহ’ব।

তেওঁ এইদৰে কৰা উচিত, কিয়নো ৰক্তপাতৰ প্রতিশোধ লবলৈ নিহত ব্যক্তিৰ কোনো নিকট আত্মীয়ই খঙতে তেওঁক পাছে পাছে খেদি যাব পাৰে; আশ্রয় নগৰখনৰ বাট বহু দূৰ হ’লে, নগৰত সোমোৱাৰ আগেয়ে আত্মীয়ই ক্রুদ্ধ হৈ তেওঁক ধৰি বধ কৰিব পাৰে; যদিও সেই ব্যক্তি মৃত্যুদণ্ডৰ যোগ্য নাছিল; কিয়নো তেওঁ মনত কোনো ঘৃণা লৈ সেই ব্যক্তিজনক হত্যা কৰা নাছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন