Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গননা 35:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

নাইবা শত্ৰুভাব কৰি তাক হাতেৰে মৰাকৈ মাৰে, তেন্তে, যিজনে তাক মাৰে, অৱশ্যে তাৰ প্ৰাণদণ্ড হ’ব; সি মানুহ বধী; ৰক্তপাতৰ প্ৰতিকাৰসাধকে তেনে মানুহ বধীক লগ পালেই তাক বধ কৰিব পাৰিব।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।”

কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম।

তেতিয়া সেই মহিলাই ক’লে, “মই মিনতি কৰিছোঁ, প্ৰতিকাৰ সাধকক নষ্ট কৰিবলৈ নিদিবলৈ মহাৰাজে নিজ ঈশ্বৰ যিহোৱাৰ নাম উচ্ছাৰণ কৰক; সেয়ে নহ’লে তেওঁলোকে মোৰ ল’ৰাটিক বিনষ্ট কৰিব।” ৰজাই ক’লে, “জীৱন্ত যিহোৱাৰ শপত, তোমাৰ ল’ৰাৰ এডালি চুলিও মাটিত নপৰিব।”

আৰু সতীত্ব লঙ্ঘন কৰা ও ৰক্তপাত কৰা সকলক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম; মই ক্ৰোধ আৰু অন্তৰ্জ্বালাত তোমাৰ ৰক্তপাত কৰিম।

ৰক্তপাতৰ প্ৰতিকাৰসাধকে নিজে তেনে মানুহ বধীক বধ কৰিব পাৰিব; সি তাক লগ পালেই বধ কৰিব পাৰিব।

আৰু যদি সি হিংসা কৰি তাক আঘাত কৰে, বা খাপ দি থাকি তাৰ ওপৰলৈ কিবা বস্তু দলি মাৰে আৰু সি যদি তাতে মৰে,

কিন্তু যদি শত্ৰুভাব নকৰাকৈ অকস্মাতে তাক আঘাত কৰে, বা খাপ দি নথকাকৈ তাৰ গালৈ কিবা দলি মাৰে,




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন