এই সময়ত হাৰোণ পুৰোহিত যিহোৱাৰ আজ্ঞা অনুসাৰে হোৰ পৰ্ব্বতত উঠি, মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহাৰ চল্লিশ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল।
হোৰ পৰ্ব্বতত হাৰোণ মৰা সময়ত, তেওঁৰ এশ তেইশ বছৰ বয়স হৈছিল।
ইস্রায়েলীয়াসকলে মিচৰ দেশ ত্যাগ কৰাৰ চল্লিশ বছৰ হ’ল। সেই বছৰৰ এঘাৰ মাহৰ প্রথম দিনা যিহোৱাই ইস্ৰায়েলীয়া সকলৰ সম্পর্কে মোচিক যি সকলো আজ্ঞা দিছিল, সেই সকলো কথা তেওঁ তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে।
তাৰ পাছত ইস্ৰায়েলীয়াসকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে।
যেনেকৈ তোমাৰ ককায়েৰা হাৰোণৰ মৃত্যু হোৰ পাহাৰত হৈছিল আৰু তেওঁ নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গৈছিল, তেনেকৈ তোমাৰ মৃত্যু সেই পাহাৰৰ ওপৰতে হ’ব আৰু তুমিও পূর্বপুৰুষসকলৰ ওচৰলৈ গুচি যাবা।