Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গননা 22:6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই নিবেদন কৰোঁ, আপুনি আহি মোৰ কাৰণে সেই জাতিক শাও দিয়ক, কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত। কিজানি তেওঁলোকক জয় কৰি দেশৰ পৰা খেদিবলৈ মোৰ সাধ্য হ’ব। কিয়নো মই জানো, আপুনি যিজনক আশীৰ্ব্বাদ কৰে, তেওঁ আশীৰ্ব্বাদ পায়, আৰু যিজনক শাও দিয়ে, তেওঁ শাও পায়।”

অধ্যায়টো চাওক কপি কৰক

23 পৰস্পৰ সংযোগসমূহ  

যিসকলে তোমাক আশীৰ্ব্বাদ কৰে, মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম আৰু যিসকলে তোমাক শাও দিয়ে, মই তেওঁলোকক শাও দিম। তোমাৰ দ্বাৰায়েই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।”

লোক সকলে তোমাৰ সেৱা কৰক আৰু জাতিবোৰে তোমাৰ আগত প্ৰণিপাত কৰক। তোমাৰ ভাইসকলৰ ওপৰত তুমি প্ৰভুত্ব কৰা, আৰু তোমাৰ মাতৃৰ সন্তান সকলে তোমাক প্ৰণিপাত কৰক। যিসকলে তোমাক শাও দিব, তেওঁলোক অভিশপ্ত হওঁক; যিসকলে তোমাক আশীৰ্ব্বাদ কৰিব, তেওঁলোক আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।”

পাছত যি জন লোকে মীখায়াক মাতিবলৈ গৈছিল, তেওঁ গৈ তেওঁক ক’লে, “চোৱা, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মঙ্গলৰ কথা কৈছে। মই বিনয় কৰোঁ, তোমাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ দৰে হৈ তুমিও যেন মঙ্গলৰ বাক্য প্ৰচাৰ কৰা।”

তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ প্ৰায় চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “মই ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁলোকে ক’লে, “যাওঁক, কিয়নো প্ৰভুৱে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”

এনেতে ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “এনে এজন আৰু ভাববাদী আছে যাৰ দ্বাৰাই আমি যিহোৱাৰ সহায়ৰ বাবে পৰামৰ্শ লব পাৰোঁ; তেওঁ যিম্লাৰ পুত্র মীখায়া, কিন্তু মই তেওঁক ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, কেৱল অমঙ্গলহে প্ৰচাৰ কৰে।” তেতিয়া যিহোচাফটে ক’লে, “মহাৰাজে যেন সেই ধৰণে কথা নকওঁক।”

এইদৰে কৰা হৈছিল কাৰণ, তেওঁলোক ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ পিঠা আৰু পানী লৈ অহা নাছিল। বৰঞ্চ ইস্রায়েলক শাও দিবলৈ তেওঁলোকে বিলিয়মক ভাড়া কৰি আনিছিল। অৱশ্যে আমাৰ ঈশ্বৰে সেই শাওক আশীৰ্ব্বাদলৈ ৰূপান্তৰ কৰিলে।

তেওঁলোকে শাও দিয়ক, কিন্তু তুমি হ’লে আশীৰ্ব্বাদ কৰিবা; তেওঁলোকে উঠিলে লজ্জিত হ’ব; কিন্তু তোমাৰ দাস আনন্দিত হ’ব।

যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্র গতিত উৰি যায়, সেইদৰে অকাৰণে দিয়া শাও প্রজ্বলিত নহয়।

যিহোৱাই কৈছে এই বুলি কওঁতাসকলে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়’।” আৰু যিহোৱাই নপঠোৱাকৈয়ে বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে।

হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল, আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা। তাতে চিটীমৰ পৰা গিলগললৈ যাওঁতে যি ঘটিছিল, যিহোৱাৰ সেই ন্যায় কাৰ্যবোৰৰ বিষয়ে তোমালোকে জানিব পাৰিবা।

তেতিয়া ঈশ্বৰে বিলিয়মক ক’লে, “তুমি তেওঁলোকৰ লগত নাযাবা। তুমি সেই জাতিক শাও নিদিবা; কিয়নো তেওঁলোক আশীৰ্ব্বাদ পোৱা লোক।”

কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক’।”

পাছত বালাকে তেওঁক ক’লে, “মই বিনয় কৰোঁ, আপুনি যি ঠাইৰ পৰা তেওঁলোকক দেখিবলৈ পাব, এনেকুৱা আন ঠাইলৈ মোৰ লগত আহক। আপুনি তেওঁলোকৰ সকলোকে দেখা পোৱা নাই, কেৱল এফালহে দেখিবলৈ পাইছে, সেই ঠাইৰ পৰা মোৰ কাৰণে তেওঁলোকক শাও দিব।”

তথাপি বালাকে বিলিয়মক ক’লে, “বিনয় কৰি কওঁ, আহক, মই আপোনাক আন ঠাইলৈ লৈ যাওঁ। সেই ঠাইতে মোৰ কাৰণে আপুনি তেওঁলোকক শাও দিবলৈ কিজানি ঈশ্বৰ সন্তুষ্ট হ’ব পাৰে।”

তেওঁ সিংহৰ দৰে পৰি শুলে, সিংহীৰ দৰে শয়ন কৰিলে; কোনে তেওঁক জগাব? তোমাক আশীৰ্ব্বাদ দিওঁতা প্ৰতিজন আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক, আৰু তোমাক শাও দিওঁতা প্ৰতিজন অভিশপ্ত হওঁক।

এদিন আমি যেতিয়া প্ৰাৰ্থনাৰ ঠাইলৈ গৈ আছিলোঁ, তেতিয়া এক অশুচি আত্মাই লম্ভা এজনী অল্পবয়সীয়া ছোৱলী আমাৰ আগত আহি উপস্থিত হ’ল। অশুচি আত্মাৰ প্রভাৱত তাই ভৱিষ্যতৰ কথা কব পাৰিছিল আৰু এনেদৰে তাই মালিকবোৰক বহু লাভৱান কৰিছিল।

কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত আপোনালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং আপোনালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল।

পাছত চিপ্পোৰৰ পুত্ৰ মোৱাবৰ ৰজা বালাকে উঠি ইস্ৰায়েলক আক্ৰমণ কৰিলে আৰু তোমালোকক শাও দিবৰ কাৰণে মানুহ পঠিয়াই বিয়োৰৰ পুতেক বিলিয়মক মাতিলে।

তাতে সেই পলেষ্টীয়াজনে দায়ূদক ক’লে, “মই এটা কুকুৰ নেকি যে, তই লাখুটি লৈ মোৰ ওচৰলৈ আহিছ?” আৰু সেই পলেষ্টীয়াজনে নিজ দেৱতাবোৰৰ নাম লৈ দায়ূদক শাও দিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন