Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



4 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকৰ ভোক লগা সময়ত আকাশৰ পৰা আহাৰ দিলে, আৰু পিয়াহ গুচাবলৈ শিলৰ পৰা পানী উলিয়ালে। আপুনি যি দেশ দিবলৈ তেওঁলোকক প্রতিজ্ঞা কৰিছিল, সেই দেশলৈ যাবলৈ তেওঁলোকক আজ্ঞা দিলে।

পাছত মোচি আৰু হাৰোণে সমাজৰ আগৰ পৰা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ গৈ উবুৰি হৈ পৰিল। তাতে যিহোৱাৰ প্ৰতাপ তেওঁলোকৰ আগত প্ৰকাশিত হ’ল।

“তুমি লাখুটিডাল লোৱা, আৰু তুমি আৰু তোমাৰ ককায় হাৰোণে সমাজক গোটাই লোৱা। শিলটোৱে পানী উলিয়াই বৈ যাবৰ বাবে, তোমালোকে তেওঁলোকৰ চকুৰ আগতেই শিলটোক আজ্ঞা কৰা। এইদৰে তুমি তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী উলিয়াই সমাজক আৰু তেওঁলোকৰ পশুবোৰকো খুৱাবা।”

কিন্তু আপোনালোকৰ কাৰণেই যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈ আছিল; তেওঁ মোৰ বিনয় শুনিবলৈ অস্বীকাৰ কৰিলে। যিহোৱাই মোক কৈছিল, “তোমাৰ বাবে ইমানেই যথেষ্ট! এই প্রসঙ্গত মোক আৰু কোনো কথা নক’বা;




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন