Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গননা 2:10

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।

যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোঁতা লোকসকলৰ নামবোৰ হ’ল: ৰূবেণ ফৈদৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ।

তাৰ পাছত ৰূবেণৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে। আৰু চদেয়ূৰৰ পুত্ৰ ইলীচূৰ তেওঁলোকৰ সেনাপতি আছিল।

আৰু দ্বিতীয়বাৰ ৰণত বজোৱাৰ দৰে তূৰী বজালে, দক্ষিণফালে থকা ছাউনিবোৰ উঠি যাব। এইক্ৰমে তেওঁবিলাকে উঠি যাবলৈ ৰণৰ দৰে তূৰী বজাব লাগিব।

ৰূবেনৰ সৈন্যৰ সংখ্যা আছিল ছয়চল্লিশ হাজাৰ পাঁচশ।

চতুৰ্থ দিনা, ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ চদেয়ূৰৰ পুত্ৰ ইলীচূৰে উপহাৰ আনিলে।

ইলীচূৰে মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চদেয়ূৰৰ পুত্ৰ ইলীচূৰৰ উপহাৰ।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন