Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গননা 13:29

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে। আৰু পৰ্ব্বতত হিত্তীয়া, যিবুচীয়া, আৰু ইমোৰীয়া লোকসকলে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু যৰ্দ্দনৰ পাৰত কনানীয়া লোকসকলে বাস কৰিছে।”

অধ্যায়টো চাওক কপি কৰক

27 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অয়িন-মিস্পাট অৰ্থাৎ কাদেচলৈ গ’ল। তেওঁলোকে অমালেকীয়াসকলৰ গোটেই দেশ জয় কৰি ল’লে আৰু হচচোন-তামৰত থকা ইমোৰীয়াসকলকো পৰাজয় কৰিলে।

আপোনাৰ সাক্ষাতে তেওঁৰ মন বিশ্বাস যোগ্য পাই, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, যিবুচীয়া, আৰু গিৰ্গাচীয়া, এই কনানীয়া লোকসকলৰ দেশ তেওঁৰ বংশক দিবলৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। আপুনি নিজৰ প্রতিজ্ঞা স্থিৰ কৰিলে কাৰণ আপুনি ধৰ্মপৰায়ণ ঈশ্ৱৰ।

গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তূৰ নিবাসীসকলৰ সৈতে পলেষ্টিয়াসকল;

মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।

মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোলবৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।

কনান দেশ চাবলৈ পঠোৱা সময়ত মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক এই দক্ষিণ অঞ্চলেদি গৈ পৰ্ব্বতত উঠাগৈ।

পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।”

অমালেকীয়া আৰু কনানীয়া লোকসকলে উপত্যকাত বাস কৰিছে; কাইলৈ তোমালোকে মুখ ঘূৰাই চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা।”

কিয়নো অমালেকীয়া আৰু কনানীয়া লোকসকল সেই ঠাইত তোমালোকৰ আগত আছে আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ’বা। তোমালোক যিহোৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত যিহোৱা তোমালোকৰ লগত নাথাকিব।”

তেতিয়া সেই পৰ্ব্বতত থকা অমালেকীয়া আৰু কনানীয়া লোকসকল নামি আহি তেওঁলোকৰ কিছুমানক বধ কৰিলে, আৰু হৰ্মালৈকে তেওঁলোকক আঘাত কৰি কৰি খেদিলে।

তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎ বাণী গাবলৈ ধৰিলে। তেওঁ ক’লে, “এই অমালেক জাতি সমূহৰ মাজত প্ৰথম; কিন্তু তাৰ শেষ-দশা সৰ্ব্বনাশ।”

কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আপোনালোকে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলক সম্পূর্ণভাৱে ধ্বংস কৰি পেলাব।

আমাৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ যাব আৰু অনেক জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী।

তাতে যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজা, ইমোৰীয়াসকলৰ এই পাঁচজন ৰজাই গোট খাই নিজ নিজ সৈন্য সকলক গিবিয়োনলৈ লগত লৈ গ’ল, আৰু তাৰ সন্মুখত ছাউনি পাতি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে।

তেতিয়া গিবিয়োনৰ লোকসকলে গিলগলৰ চাউনিলৈ আৰু যিহোচূৱাৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে যে, “আপুনি আপোনাৰ এই বন্দীসকলৰ পৰা হাত নোকোঁচাব৷ আমাৰ ওচৰলৈ বেগাই আহি আমাক ৰক্ষা কৰক৷ আমাক আহি সহায় কৰক, কিয়নো পৰ্ব্বত-নিবাসী ইমোৰীয়াসকলৰ সকলো ৰজাই আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গোট খালে।”

জীৱন্ত ঈশ্বৰ যে তোমালোকৰ মাজত আছে আৰু তেওঁ যে কনানীয়া, হিত্তীয়া, হিব্বীয়া, পৰিজ্জীয়া, গিৰ্গাচীয়া, ইমোৰীয়া আৰু যিবুচীয়া লোকসকলক তোমালোকৰ সন্মুখৰ পৰা নিশ্চয়ে যে দূৰ কৰিব, সেই বিষয়ে তোমালোকে ইয়াৰ দ্বাৰাই জানিবা।

পাছত যিহোৱাই যে ইস্ৰায়েলৰ সন্তানসকল পাৰ নোহোৱালৈকে যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিলে, এই কথা যৰ্দ্দনৰ পশ্চিম পাৰে থকা ইমোৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানীয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ গ’ল আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ’ল।

যৰ্দ্দনৰ সিপাৰে থকা ৰজাসকলে, পৰ্ব্বতীয়া অঞ্চলত আৰু নিন্মভূমিত বসতি কৰা আৰু লিবানোনৰ সন্মুখলৈকে মহাসমুদ্ৰৰ গোটেই পাৰত বসতি কৰা হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়াৰ ৰজাসকলে এই কথা শুনি,

সেয়ে ইস্ৰায়েলবাসীয়ে কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ মাজত বাস কৰিবলৈ ধৰিলে;

ইস্ৰায়েলীয়াসকলে যেতিয়া নিজৰ কঠীয়া সিচেঁ, সেই সময়ত মিদিয়নীয়া, অমালেকীয়া, আৰু পূব দেশৰ লোকসকলে আহি তেওঁলোকক আক্রমণ কৰে।

চৌল অতি সাহিয়াল আছিল। তেওঁ অমালেকীয়াসকলকো পৰাজয় কৰিছিল। আনকি যিসকল শত্ৰুৱে ইস্ৰায়েলসকলক লুট কৰিব বিচাৰিছিল, সেই শত্ৰুবোৰৰ পৰা ইস্ৰায়েলক তেওঁ ৰক্ষা কৰিছিল।

সেই সময়ত দায়ুদ আৰু তেওঁৰ লোকসকলে গৈ, গচুৰীয়া, গিৰ্জীয়া, আৰু অমালেকীয়া লোকসকলক আক্ৰমণ কৰিবলৈ গৈছিল; কিয়নো এই লোকসকলে অতীতত চূৰৰ পৰা মিচৰ দেশলৈকে বাস কৰি আছিল।

তৃতীয় দিনা দায়ুদ আৰু তেওঁৰ লোকসকল চিক্লগ আহি পালে; তাতে তেওঁলোকে দেখিলে যে, অমালেকীয়াসকলে আহি চিক্লগ আৰু নেগেভত উপদ্ৰৱ কৰিছে, আৰু চিক্লগত সোমাই আক্ৰমণ কৰি, জুইৰে পুৰিছে;

ইক্ৰোণৰ পৰা গাতলৈকে যিবোৰ নগৰ পলেষ্টীয়াসকলে ইস্ৰায়েলৰ পৰা কাঢ়ি লৈছিল, সেইবোৰ নগৰ পুনৰায় ইস্ৰায়েলৰ অধীন হ’ল; আৰু ইস্ৰায়েলে ফিলিষ্টীয়া সকলৰ হাতৰ পৰা সেইবোৰ অঞ্চল উদ্ধাৰ কৰিলে। তাতে ইমোৰীয়া সকলৰ লগত ইস্ৰায়েলৰ শান্তি স্থাপন হ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন