Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



গননা 11:31

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত যিহোৱাৰ ওচৰৰ পৰা বায়ু ওলাই সমুদ্ৰৰ পৰা ইমান বটা চৰাই আনি ছাউনিৰ ওপৰত পেলালে, যে, ছাউনিৰ চাৰিওফালে ইকাষে-সিকাষে এদিনৰ বাটলৈকে, সেইবোৰ দুহাত ওখ হৈ মাটিৰ ওপৰত পৰিল।

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে; আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে।

তেওঁলোকে যিহকে বিচাৰিলে, তেওঁ তাকে তেওঁলোকক দিলে; কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ।

তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।

তেতিয়া মোচিয়ে মিচৰ দেশৰ ওপৰলৈ নিজৰ লাখুটি দাঙিলে, আৰু যিহোৱাই সেই দিনা দিনে ৰাতিয়ে সেই দেশৰ ওপৰত পূব ফালৰ পৰা বায়ু বোৱালে। যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া পূব ফালৰ পৰা অহা বতাহে কাকতি ফৰিংবোৰ উৰোৱাই আনিলে।

যিহোৱাই পশ্চিম ফালৰ পৰা অতি প্ৰবল বতাহ বোৱাই আনিলে; তাতে সেই বতাহে ফৰিংবোৰ উৰোৱাই নি চূফ সাগৰত পেলাই দিলে। সমগ্র মিচৰ দেশৰ কোনো অঞ্চলতে এটাও ফৰিং অৱশিষ্ট নাথাকিল।

কিন্তু আপুনি আপোনাৰ বায়ুৰে ফু দিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে; তেওঁলোক সীহৰ দৰে মহাজলত ডুব গ’ল।

গধূলি পৰত, বটা চৰাইবোৰ তম্বুৰ ওপৰলৈ আহি তম্বু ঢাকি ধৰিলে। ৰাতিপুৱা তম্বুৰ চাৰিওফালে নিয়ৰ পৰি আছিল।

পাছত মোচি আৰু ইস্ৰায়েলৰ বৃদ্ধসকল ছাউনিলৈ গ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন