পাছে সকলো ছাউনিৰ পাছত, নিজ নিজ সৈন্যদল অনুসাৰে দানৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে প্ৰস্থান কৰিলে; আৰু অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ তেওঁলোকৰ সেনাপতি আছিল।
কাৰণ তোমালোক বেগাবেগিকৈ ওলাই যাব লগা নহব, নাইবা আতঙ্ককত এৰি যাব লগা নহব; কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব।
ইয়াকে কৰিলে, অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি প্রকাশ পাব, আৰু তোমাৰ আৰোগ্যতা শীঘ্ৰে দেখা যাব, তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ পাছত যাওঁতা হ’ব।
দান ফৈদৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ।
আৰু গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীন ফৈদৰ সেনাপতি আছিল।
আৰু আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰ ফৈদৰ সেনাপতি আছিল।
দশম দিনা, দানৰ সন্তান সকলৰ অধ্যক্ষ অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰে উপহাৰ আনিলে।
মহাশব্দকাৰী সাতোটা শিঙা লোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে শিঙা বজাই বজাই গ’ল আৰু পাছত যাবলগীয়াসকলে পাছে পাছে গমন কৰিলে; পুৰোহিতসকলে যাওঁতে উচ্চ শব্দেৰে শিঙা বজাই বজাই গ’ল।
ৰণলৈ সাজু হোৱা সৈন্যসকল শিঙা বজোৱা পুৰোহিতসকলৰ আগে আগে গ’ল আৰু তেওঁলোকৰ পাছত যোৱা লোকৰ দলটো নিয়ম-চন্দুকৰ পাছে পাছে গ’ল; যাওঁতে পুৰোহিতসকলে শিঙা বজাই বজাই গ’ল।