Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



উপ 8:13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু দুষ্ট লোকৰ হ’লে মঙ্গল নহব; তেওঁলোকৰ আয়ুস বৃদ্ধি নাপাব; তেওঁলোকৰ জীৱনকাল দ্রুতগামী ছাঁ স্বৰূপ; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় নহয়।

অধ্যায়টো চাওক কপি কৰক

26 পৰস্পৰ সংযোগসমূহ  

তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে;

নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব।

দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?

দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?

যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।

মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।

তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা।

চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)

কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা; ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব; কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।

মই জানো যে, ঈশ্বৰে যি যি কৰে, সেই সকলো চিৰকাল থাকে; তাক বঢ়াবও নোৱাৰি বা কমাবও নোৱাৰি; ঈশ্বৰে এনেদৰে কৰিলে যাতে মানুহে তেওঁক ভয় কৰে।

কিয়নো অধিক সপোন আৰু অধিক কথাৰ সৈতে অসাৰতা আহে; কিন্তু তুমি ঈশ্বৰক ভয় কৰিবা।

মানুহৰ অসাৰ জীৱনকালত তেওঁৰ কাৰণে কি ভাল তাক কোনে জানে? তেওঁতো নিজৰ অল্পস্থায়ী দিনবোৰ এক ছাঁয়াৰ দৰে কটায়। তেওঁ গুছি যোৱাৰ পাছত সূর্যৰ তলত কি ঘটিব তাক কোনে তেওঁক ক’ব পাৰিব?

মোৰ এই অসাৰ জীৱনকালত মই অনেক বিষয় দেখিলোঁ। কোনো কোনো ধাৰ্মিক লোক নিজৰ ধাৰ্মিকতাৰ মাজত বিনষ্ট হৈ যায়, আৰু কোনো কোনো দুষ্ট লোক নিজৰ দুষ্টতাৰ মাজত অনেক দিন জীয়াই থাকে।

এই জ্ঞানৰ কথা তুমি ধৰি ৰখা ভাল; এটাকো হাতৰ পৰা যাবলৈ নিদিবা; যি লোকে ঈশ্বৰক ভয় কৰে, তেওঁ সকলো কঠিনতাত কৃতকার্য হ’ব।

নিজৰ আত্মাক কোনে নিয়ন্ত্ৰণ কৰিব পাৰে! তেনেকৈ মৃত্যুৰ দিনৰ ওপৰতো কাৰো হাত নাই। যুদ্ধৰ সময়ত যেনেকৈ কোনো সৈনিক মুক্ত নহয়, তেনেকৈ দুষ্টতাৰ বশত থকা ব্যক্তিৰ দুষ্ট কার্যৰ অভ্যাসৰ পৰা সেই দুষ্টতাই তেওঁক মুক্ত কৰিব নোৱাৰে।

দুষ্ট লোকৰ সন্তাপ হ’ব; তেওঁৰ অমঙ্গল হ’ব; কাৰণ তেওঁৰ হাতৰ কাৰ্যৰ ফল তেওঁ পাব।

সেয়ে যাৰ পতন অকস্মাতে মুহূৰ্ত্ততে হ’ব, ভগ্ন অংশ আৰু ওখ দেৱালৰ স্ফিত অংশ পৰিবলৈ প্রস্তুত হোৱাৰ দৰে, এই পাপ তোমালোকলৈ হ’ব।”

ঈশ্বৰে কৈছে, “দুষ্টবোৰৰ তাত কোনো শান্তি নাই।”

সেই ঠাইৰ পৰা কোনো অলপদিনীয়া কেঁচুৱা, বা সম্পূৰ্ণ আয়ুস নোপোৱা কোনো বুঢ়া লোকক মৈদামলৈ নিয়া নহ’ব; ডেকা লোক এশ বছৰ বয়সীয়া হৈ মৰিব, আৰু পাপী জনে এশ বছৰ বয়স পাই অভিশপ্ত হৈ মৰিব।

তেওঁলোকে আজিলৈকে নম্ৰ হোৱা নাই, ভয়ো কৰা নাই আৰু তোমালোকৰ ও তোমালোকৰ পূৰ্বপুৰুষসকলৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থা কি বিধিবোৰৰ দৰে চলা নাই।

তেতিয়া পুনৰায় তোমালোক ঘূৰি আহিবা; ধাৰ্মিক আৰু দুষ্টৰ মাজত, অর্থাৎ ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।”

আৰু ওলাই আহিব। সৎকৰ্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।

কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ৷

তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন