Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



উপ 2:15

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া মই মনতে ক’লোঁ, অজ্ঞানলৈ যেনে দশা হয়, মোলৈকোতো তেনে দশাই হ’ব; তেনেহ’লে অধিক জ্ঞানী হৈ মোৰ কি লাভ হ’ল? মই মনতে ক’লোঁ, “ইও অসাৰ।”

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।

সূর্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালোঁ; দেখিলোঁ, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা।

মই মনে মনে ক’লো, “মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, সেইসকল লোকতকৈ মই অধিক প্ৰজ্ঞা অর্জন কৰিলোঁ; মোৰ মনে প্ৰজ্ঞা আৰু জ্ঞানৰ মহান অভিজ্ঞতা পালে।”

কিয়নো প্ৰজ্ঞাৰ বাহুল্যতাত অধিক নৈৰাশ্যতা বাঢ়ে আৰু যিজনে জ্ঞান বৃদ্ধি কৰে, তেওঁ দুখো বৃদ্ধি কৰে।

উপদেশকে কৈছে, “অসাৰৰ অসাৰ! সকলোৱেই অসাৰ।

মানুহে অজ্ঞানীক যেনেদৰে মনত নাৰাখে, তেনেদৰে জ্ঞানীকো বেছি দিন মনত নাৰাখে; ভবিষ্যতে তেওঁলোক দুয়োকে মানুহে পাহৰি যাব। অজ্ঞানীজন মৰাৰ দৰে জ্ঞানীও মৰে।

যিমানে বেছি কথা কোৱা হয়, সিমানে অসাৰতা বাঢ়ে; তাৰ দ্বাৰাই মানুহৰ কি লাভ?

অজ্ঞানতকৈ জ্ঞানী লোকৰ সুবিধা কি? আন লোকসকলৰ আগত কিদৰে চলিব লাগে, তাক জানিলে এজন দৰিদ্রৰ কি লাভ হয়?




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন