Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



উপ 1:9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যি হৈ গ’ল, সেয়ে পুনৰ হ’ব; যি কৰা হ’ল, তাক পুনৰ কৰা হ’ব; সূৰ্যৰ তলত নতুন একোৱেই নাই।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

এনে কিবা আছেনে, যাৰ বিষয়ে মানুহে ক’ব পাৰে যে, ‘চোৱা এইটো নতুন’? যি যি বিদ্যমান, ইতিমধ্যে বহু দিন ধৰি আছিল, আমাৰ যুগৰ আগতেও বিদ্যমান আছিল।

পাছত মই প্রজ্ঞা, বলিয়ালি আৰু অজ্ঞানতাৰ কথা চিন্তা কৰিলোঁ; ৰজাৰ পাছত যিজন পৰৱর্তী ৰজা আহিব, তেওঁ কি কৰিব পাৰে? কেৱল ইতিমধ্যে যি যি কৰা হৈছে, তাকেই কৰিব।

যি যি আছে, সেয়ে পূর্বেও আছিল; যি যি হব, সেয়াও পূর্বে আছিল; যি হৈ গ’ল, ঈশ্বৰে পুনৰ তাকেই বিচাৰে।

যি যি আছে, তাৰ নাম আগেয়ে দিয়া হৈছে; মানুহনো কি, তাকো জনা গৈছে যে তেওঁলোকে নিজতকৈ যি জনা শক্তিশালী, তেওঁৰ লগত যুঁজ কৰিব নোৱাৰে।

বৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল? এনে কথা নুসুধিবা; কিয়নো এই প্ৰশ্ন কৰা প্রজ্ঞাৰ কাম নহয়।

চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব; তোমালোকে জানো তাক নাজানিবা? মই অৰণ্যৰ মাজত পথ, আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম।

হে অবিশ্ৱাসী জীয়াৰী, তুমি কিমান কাল অস্থিৰে থাকিবা? কাৰণ যিহোৱাই পৃথিৱীত এটা নতুন বস্তু সৃষ্টি কৰিলে: তিৰোতাসকলে শক্তিশালী পুৰুষসকলক আবৰি ধৰিব।

অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।

তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ’ল; সমুদ্ৰও নাছিল।

পাছত সিংহাসনৰ ওপৰত বহা জনে কলে, “চোৱা! মই সকলোকে নতুন কৰোঁ।” তেওঁ পুনৰ কলে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন