তেওঁলোকে তেওঁৰ লগত কথা পাতি থাকোঁতেই ৰাজ-নপুংসক সকল আহি উপস্থিত হ’ল; আৰু ৰাণী ইষ্টেৰে যুগুত কৰা ভোজলৈ হামনক লৈ যাবলৈ খৰধৰ কৰিলে।
পাছত তেওঁৰ ভাৰ্যা জেৰচ আৰু তেওঁৰ বন্ধু সকলে তেওঁক ক’লে, “পঞ্চাশ হাত দীঘল এডাল ফাঁচি-কাঠ যুগুত কৰক; যাতে আপুনি কাইলৈ ৰাতিপুৱাই ৰজাৰ আগত নিবেদন কৰি মৰ্দখয়ক সেই কাঠডালত ফাঁচি দিব পাৰে। তাৰ পাছত আপুনি আনন্দ মনেৰে ৰজাৰ লগত ভোজত যাব।” তেতিয়া হামনে সেই কথাত সন্তুষ্ট হ’ল আৰু তেওঁ ফাঁচি-কাঠ নিৰ্মাণ কৰালে।
তেতিয়া ৰজাই আজ্ঞা দিলে, “ৰাণী ইষ্টেৰে কোৱাৰ দৰে কৰিবলৈ হামনক বেগাই মাতি অনা হওক।” সেয়ে ৰজা আৰু হামন ইষ্টেৰে যুগুত কৰা ভোজলৈ গ’ল।
মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, আৰু মোৰ নিবেদন ও প্ৰাৰ্থনা গ্রহণ কৰি সিদ্ধ কৰিবলৈ যদি ৰজাই ভাল দেখে, তেনেহলে মই আপোনালোকৰ অৰ্থে কাইলৈ যি ভোজ যুগুত কৰিম, সেই ভোজলৈ আপুনি আৰু হামন পুনৰ আহিব। মই ৰজাৰ প্রশ্নৰ উত্তৰ কাইলৈহে দিম।”
তাৰ পাছত ৰজা আৰু হামনে ৰাণী ইষ্টেৰৰ ভোজলৈ গ’ল।