সেয়ে হথাকে ৰাজদুৱাৰৰ সন্মুখৰ নগৰৰ চকলৈ গৈ মৰ্দখয়ক ল’গ ধৰিলে।
প্ৰত্যেক প্ৰদেশৰ যিবোৰ ঠাইত ৰজাৰ সেই আদেশ আৰু আজ্ঞা পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত মহাশোক, লঘোন, ক্ৰন্দন আৰু বিলাপ হ’ল। তেওঁলোকৰ মাজৰ অনেক লোকে চট কাপোৰ পিন্ধি ছাঁইৰ ওপৰত শুই পৰিল।
তেতিয়া ইষ্টেৰ তেওঁক পৰিচৰ্যা কৰিবলৈ ৰজাই নিযুক্ত কৰা হথাক নামৰ এজন ৰাজ-নপুংসকক মাতি পঠিয়ালে। তেওঁক মৰ্দখয়ৰ লগত কি ঘটিছিল আৰু তাৰ মানে কি সেই বিষয়ে জানিবলৈ তেওঁৰ ওচৰলৈ যাবলৈ আজ্ঞা দিলে।
তেতিয়া মৰ্দখয়ে নিজৰ লগত যি ঘটিছিল, আৰু যিহুদী লোকসকলক বধ কৰিবলৈ হামনে যি পৰিমাণৰ ৰূপ ৰাজভঁৰালত দিবলৈ প্ৰতিজ্ঞা কৰিছে, সেই সকলো বিষয় তেওঁক ক’লে।
দ্বিতীয় দিনা তেওঁলোকে যেতিয়া দ্ৰাক্ষাৰস বাকি দি আছিল, তেতিয়া ৰজাই ইষ্টেৰক পুনৰ সুধিলে, “ৰাণী ইষ্টেৰ, তোমাৰ নিবেদন কি? তাক তোমালৈ কৰা হ’ব। তোমাৰ অনুৰোধ কি? যদি ৰাজ্যৰ আধা অংশও তোমাক লাগে তাক দিয়া হ’ব।”
ৰজাই ৰাণী ইষ্টেৰক ক’লে, “যিহুদী লোকসকলে চুচন নগৰত হামনৰ দহ জন পুত্রৰ সৈতে পাঁচশ লোকক বধ কৰিলে। তেনেহলে ৰজাৰ প্ৰদেশৰ আন ঠাইবোৰত তেওঁলোক কিমান কৰিলে? এতিয়া তোমাৰ কি নিবেদন আছে? তোমাৰ বাবে গ্ৰহণ কৰা হ’ব। তোমাৰ কি প্রাৰ্থনা আছে? তোমাৰ বাবে তাকো গ্রহণ কৰা হ’ব।”