তেতিয়া এই কথাত ৰজা আৰু প্রধান লোকসকল সন্তুষ্ট হ’ল; আৰু ৰজাই মমুকণে দিয়া প্রস্তাৱৰ দৰেই কৰিলে।
তেতিয়া ফৰৌণে আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলেও এই সকলো কথাকে উত্তম দেখিলে।
যদি এই কথাই মহাৰাজক সন্তুষ্ট কৰে, তেনেহলে ‘ৰাণী ৱষ্টী অহচবেৰোচ ৰজাৰ ওচৰলৈ পুনৰ আহিবলৈ নাপাব’; এই ৰাজ আজ্ঞা আপোনাৰ মুখৰ পৰা ওলাওক, আৰু ইয়াৰ যেন লৰ-চৰ নহয়। এই কাৰণে ইয়াক পাৰস্য আৰু মাদিয়া সকলৰ বিধিত লিখা হওক। তাৰ পাছত মহাৰাজে তেওঁৰ ৰাণীপদ তেওঁতকৈ উত্তম মহিলা এগৰাকীক দিয়ক।
মহাৰাজে দিয়া আজ্ঞা যেতিয়া তেওঁৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰা যাব, তেতিয়া সৰু কি বৰ সকলো মহিলাই নিজৰ নিজৰ স্বামীক সন্মান কৰিব।”
তেওঁ সকলো ৰাজকীয় প্ৰদেশলৈ প্রতিখন প্রদেশৰ নিজৰ আখৰ অনুসাৰে আৰু প্ৰত্যেক লোকলৈ তেওঁলোকৰ ভাষা অনুসাৰে চিঠি পঠিয়ালে। ৰজাই আজ্ঞা দিলে যে, প্ৰতিজন পুৰুষ নিজৰ নিজৰ ঘৰৰ মূৰব্বী হওক। এই আজ্ঞা প্রত্যেক লোকৰ নিজৰ নিজৰ ভাষাত দিয়া হৈছিল।
যি গৰাকী যুৱতীয়ে মহাৰাজক সন্তুষ্ট কৰিব, সেই গৰাকীয়েই ৱষ্টীৰ স্থানত ৰাণী হওক।” এই পৰামৰ্শত ৰজাই সন্তুষ্ট হৈ সেই দৰেই কৰিলে।