কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।
তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।
যিহোৱাই মিচৰক প্রহাৰ কৰিব, আৰু প্রহাৰ কৰি সুস্থ কৰিব; তেওঁলোকে যিহোৱালৈ ঘূৰি আহিব, তাতে তেওঁ তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব।
যি দিনা যিহোৱাই তেওঁৰ লোকসকলৰ ভগা অঙ্গ জোৰা দিব, আৰু প্ৰহাৰত লগা ঘা সুস্থ কৰিব, সেই দিনা চন্দ্ৰৰ পোহৰ সূৰ্যৰ পোহৰৰ দৰে হ’ব, আৰু সূৰ্যৰ পোহৰ সাত গুণে অধিক হব, আৰু সাত দিনৰ পোহৰৰ দৰে হ’ব।
কিয়নো যিহোৱাই কৈছে, ‘মই তোমাক পুনৰায় আৰোগ্য কৰিম; আৰু তোমাৰ ঘাঁবোৰ সুস্থ কৰি। কাৰণ কোনো মানুহে নিবিচৰা এয়ে চিয়োন বুলি কৈ লোকে তোমাক সমাজভ্ৰষ্টা বোলে।”
“আহাঁ, আমি যিহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ; তেঁৱেই আমাক চিন্ন-ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব; তেঁৱেই আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘা পটিৰে বান্ধিও দিব।
আৰু সেই ঘৰ লিপাৰ পাছত পুৰোহিতে সোমাই যদি সেই দাগ ব্যাপি নোযোৱা দেখে, তেন্তে পুৰোহিতে সেই ঘৰ শুচি বুলি ক’ব; কিয়নো তাৰ কুষ্ঠ ভাল হ’ল।
এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; মইয়ে মাৰো, আৰু ময়েই জীয়াও; মইয়ে ঘা লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
যিহোৱাই মৃত্যু আৰু জীৱন দান কৰে, তেওঁ চিয়োললৈ নমায় আৰু পুনৰায় তোলে৷