Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইয়ো 41:1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা? বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা?

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ।

দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।

সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?

তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।

তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা; তুমিয়েই তাক মৰুভূমিৰ জন্তুবোৰক আহাৰৰ বাবে দিছিলা।

সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন