Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইয়ো 4:8

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক; কিয়নো অসাৰতাই তাৰ বেচ হ’ব।

সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।”

তেওঁলোকে তেওঁলোকৰ পথৰ ফল ভোগ কৰিব, তেওঁলোকে নিজৰ পৰিকল্পনাৰ ফলেৰে পৰিপূৰ্ণ হ’ব।

যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব; আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব।

সেই দিনা তোমালোক পুলি ৰুবা, বেৰা দিবা আৰু খেতি কৰিবা। অতি সোনকালে তোমালোকৰ বীজ গজি উঠিব; কিন্তু দুৰ্দশা আৰু প্রচণ্ড দুঃখৰ দিনা শষ্য গোটোৱা বিফল হ’বা।

তোমালোকলৈ সেই শাস্তি অতি কঠোৰ হ’ব; তোমালোকৰ কলিজাবোৰত তৰোৱালে খোচ মাৰি আঘাত কৰাৰ দৰে হ’ব। তোমালোকৰ নিজ আচৰণ আৰু কাৰ্যবোৰেই তোমালোকলৈ ইয়াক ঘটাইছে; সেয়ে তোমালোকৰ দুষ্টতাৰ ফল।

তেওঁলোকে বতাহক ৰোপণ কৰে আৰু শেষত বা’মৰলীৰ শস্য দাব। শস্যৰ গোচাত কোনো দানা নাথাকে, তাৰ পৰা কোনো আহাৰ উৎপন্ন নহ’ব। যদি তাত কিছু উৎপন্ন হয়ও, তেন্তে বিদেশীসকলে তাক গ্ৰাস কৰিব।

কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন