উট চৰাইৰ ডেউকাই উল্লাস কৰে, কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে?
সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।
কিয়নো হীৰমৰ দাসবোৰে সৈতে তৰ্চীচলৈ যোৱা ৰজাৰ কেইখন মান জাহাজ আছিল৷ সেই তৰ্চীচৰ জাহাজবোৰে সোণ, ৰূপ, হাতী-দাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনি বছৰৰ মুৰত এবাৰ এবাৰ আহি আছিল।
মই শিয়ালবোৰৰ ভাই, আৰু উট পক্ষীৰ বন্ধু হলোঁ।
সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?
তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়, আৰু ধুলিত উম পাবলৈ দিয়ে।
সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।
আকাশত ফুৰা হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে, আৰু কপৌ, তেলটুপি আৰু বগলীয়ে নিজ নিজ অহাৰ কাল পালন কৰে; কিন্তু মোৰ প্ৰজাসকলে যিহোৱাৰ শাসন নাজানে।
বগা ফেচাঁ, লক্ষী ফেচাঁ, গঙ্গা-চিলনী আৰু সকলো বিধৰ শেন।
বৰটোকোলা, সকলো বিধৰ বগলী, গোবৰ খোঁচোৰা আৰু বাদুলী।
তেতিয়া মই চকু তুলি চাই দেখিলোঁ যে, দুগৰাকী মহিলা মোৰ ফালে আহি আছিল আৰু সেই দুগৰাকীৰ ডেউকাত বায়ু আছিল; সিহঁতৰ ডেউকা বৰটোকোলাৰ ডেউকাৰ নিচিনা আছিল। সেই দুগৰাকীয়ে পৃথিৱী আৰু আকাশৰ মাজেদি ঐফা-পাত্ৰটো তুলি লৈ গৈছিল।