তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে? সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে?
তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, “গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল;
তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে? তোমাৰ কাম তাক গটাই দিবা নে?
বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে? কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?
সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে; চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়।
মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে? তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?
চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে? বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে?
হালোৱাই মোৰ পিঠিত হাল বালে; তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।”
লাখীচ নিবাসী সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা; চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ; কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল।
ঈশ্বৰে মিচৰ দেশৰ পৰা তেওঁলোকক আনিছে। তেওঁৰ বল মেঠনৰ বলৰ নিচিনা।