Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইয়ো 38:24

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কি নিয়মেৰে বিজুলীৰ পোহৰ ভাগবতৰা হয়, বা কি নিয়মেৰে পূবৰ বায়ু পৃথিবীত বিয়পি পৰে?

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে, সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে,

এই বস্তুবোৰ মই সঙ্কট সময়ৰ বাবে, ৰণ বা যুদ্ধ দিনৰ বাবে ধৰি ৰাখো;

প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে, বা কোনে বিজুলী-ঢেৰেকনিৰ বাবে পথ প্ৰস্তুত কৰিলে,

মোচিয়ে সাগৰৰ ওপৰত তেওঁৰ হাত মেলিলে। যিহোৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হোঁহোকাই নি, তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ’ল।

পাছত সূর্যোদয়ৰ সময়ত ঈশ্বৰে পূবৰ পৰা গৰম বতাহ বলিবলৈ দিলে; তাতে যোনাৰ মূৰত এনেকৈ ৰ’দ পৰিল যে, তেওঁ অজ্ঞান হোৱাৰ দৰে হ’ল। তেতিয়া যোনাই নিজৰ মৃত্যু বিচাৰি ক’লে, “মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”

কিয়নো বিজুলীয়ে যেনেকৈ পূবৰ পৰা ওলাই পশ্চিমলৈ চমকনি মাৰে, তেনেকৈ মানুহৰ পুত্ৰৰো আগমণ হ’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন