ইয়ো 31:28ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019তেন্তে ইও, বিচাৰকত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ হলহেঁতেন; কিয়নো সেয়ে হোৱা হলে মই উৰ্দ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন। অধ্যায়টো চাওক |
অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।