দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে?
সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়।
কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ।
মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ। আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ।
তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? এই বুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই,
হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।
যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে; কিন্তু যি জনে দৰিদ্ৰ লোকক দয়া কৰে, তেওঁ অনন্দিত হয়।
যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে; কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।
দৰিদ্ৰক পৰিহাস কৰা জনে তেওঁৰ স্ৰজনকৰ্ত্তাকে অপমান কৰে; আৰু যি জনে দুৰ্ভাগ্যত আনন্দ কৰে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকিব।
যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
যি কোনোৱে অধিক সুত লোৱাৰ দ্বাৰাই নিজৰ ভবিষ্যতলৈ সম্পত্তি সাঁচে, সেই জনে দৰিদ্র লোকক দয়া কৰা লোকৰ বাবে সেই ধন সাঁচে।
কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্ব্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰন্দন কৰিব। আৰু যিহোৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্রু ওলাব, আৰু পানীৰে ধাৰ বব।
উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰাণলৈ গাত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।
এই কাৰণে, হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক; পাপ নকৰিব, আৰু সৎ কাৰ্য কৰক। নিপীড়িত সকলক দয়া কৰক আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক; তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ’ব পাৰে।
পাছত যীচু ওচৰলৈ আহি যিৰূচালেম নগৰ দেখি শোকাতুৰ হৈ কান্দিলে
যীচুৱে ক্ৰন্দন কৰিলে।
যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।
এই বিষয়ে যি দৰে লিখাও আছে, “তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷”